Call of Hope

The message of the Bible
Search

কিতাপসমূহ

এই খন্ডত ঈছাই দিয়া আটাইতকৈ প্ৰয়োজনীয় শিক্ষাৰ বণৰ্না আছে। যেনে পবৰ্তৰ ওপৰত দিয়া শিক্ষা যি মানৱ জাতিৰ সকলো বিষয় সামৰিছে। মানৱ জীৱনৰ বাবে দৰকাৰী শিক্ষা প্ৰেমৰ সংজ্ঞা আৰু ক্ষমাৰ প্ৰয়োজনীয়তা ইয়াত বণৰ্না কৰা আছে। হজৰত ঈছাই কৰা কিছূমান অলৌকিক কাৰ্য্যৰ বিৱৰণ আৰু আন কেই গৰাকী চাহাবীক আহ্বান কৰাৰ বিৱৰণো ইয়াত পোৱা যায়।
এই খন্ডত লেখকে বণৰ্না কৰিছে কিদৰে ঈছাই ইব্লিচৰ পৰা অহা পৰীক্ষাত জয়ী হৈছিল। হজৰত ঈছাই কৰা কিছূমান অলৌকিক কাৰ্য্যৰ বিৱৰণ, তেওঁ চাৰি গৰাকী চাহাবী আৰু আন কেই গৰাকী চাহাবীক আহ্বান কৰা লগতে তেওঁলোকক দিয়া কিছূমান তালিম বা শিক্ষাৰ বিৱৰণো ইয়াত পোৱা যায়।
এই খন্ডত ঈছাৰ ব্যক্তিত্ত ও জীৱনীৰ বিস্তাৰিত বিৱৰণ পোৱা যায়। ঈছাৰ অলৌকিক জন্মৰ আগতীয়া বাতৰি আৰু তেওঁ মানৱ জাতিৰ গুনাহৰ নাজাতৰ বাবে অহা শুভ সংবাদো ইয়াত পোৱা যায়।
লেখকে পঢ়ুৱৈৰ দৃস্টিভংগীৰে কৰা কিছূমান প্ৰ্শ্নৰে ঈছাৰ বিশেষ সত্বা ইয়াত বণৰ্না কৰিছে। যেনে তেওঁৰ অলৌকিক জন্ম, তেওঁৰ বে-গুণাহ জীৱন, তেওঁৰ তালিম, তেওঁৰ ক্ষমতা, তেওঁৰ কস্টভোগ, মওতৰ ওপৰত তেওঁৰ বিজয়, তেওঁৰ বেহেস্ত গমন, তেওঁৰ দ্বীতিয় আগমন, তেওঁৰ নাম আৰু উপাধিসমূহ। শেষত লেখকে পঢ়ুৱৈৰ পৰা ঈছাৰ আহ্ৱানৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছে। অথবা পঢ়ুৱৈসকলে ঈছাৰ এই সকলো সত্বাৰ বিষয়ে কি মনোভাৱ ধাৰণা কৰে, সেয়া নি-সংকোচে ব্যক্ত কৰিব পাৰে।
ঈছায়ীসকলে কিদৰে মোনাজাত কৰে, এই সকলো বিষয় লেখকে এই কিতাবত বণৰ্না কৰিছে। ইয়াত এই বিষয়সমূহ সাঙুৰা হৈছেঃ যেনে মোনাজাত কি, মোনাজাত কিদৰে কৰা হয়, মোনাজাতৰ ঠাই, মোনাজাতৰ চৰ্তসমূহ, শুদ্ধ মোনাজাতৰ গোপন বিষয়, পৰিচালক, উকীল, সময় আৰু আন কিছুমান মূল চৰ্তাৱলীসমূহ ইয়াত বণৰ্না কৰা আছে।